আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ তিথি, ভক্তিৰসত বুৰ গৈছে সমগ্ৰ ৰাজ্য়...

Srimanta Sankardev Birth Anniversary

অসমীয়া সমাজ জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ, অৱতাৰী পুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৫৭৩ সংখ্যক আৱিৰ্ভাৱ তিথি। বৈষ্ণৱ ধৰ্ম, এক শৰণ নামধৰ্মৰ প্ৰতিষ্ঠাপক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতিৰ-নিৰ্মাতা।
১৪৪৯ খ্ৰীষ্টাব্দত আহিন-কাতি মাহত বৰদোৱাৰ আলিপুখুৰীত পিতৃ কুসুম্বৰ ভূঞা আৰু মাতৃ সত্যাসন্ধা দেৱীৰ ঔৰষত জন্মগ্ৰহণ কৰিছিল শংকৰদেৱে। বুঢ়ীমাক খেৰসুতীয়ে লালন-পালন কৰা শংকৰৰ সৰুতে পঢ়াৰ প্ৰতি বিশেষ ধাউতি নাছিল। বুঢ়ীমাক খেৰসুতীয়ে ১২ বছৰ বয়সত মহেন্দ্ৰ কন্দলি টোলত নাম লগাই দিছিল শংকৰদেৱক।

আশ্চৰ্য্যজনকভাৱে অ, আ, ক, খ শিকিয়েই শংকৰদেৱে ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি বিষয়ক কবিতা 'কৰতল কমল' ৰচনা কৰি সকলোকে আচম্বিত কৰি তুলিছিল। অধ্যাপক কন্দলিয়ে শংকৰক প্ৰদান কৰিছিল 'দেৱ' উপাধি। টোলত পঢ়িয়েই চাৰিবেদ, চৈধ্যশাস্ত্ৰ, ওঠৰ পুৰাণ, কাব্য, সংহিতা, ব্যাকৰণ, দৰ্শন আদি বিভিন্ন শাস্ত্ৰত পাৰ্গত হৈ উঠা শংকৰদেৱে কম সময়তে হৈ পৰে গুণী-জ্ঞানী বিদগ্ধ পণ্ডিত।

একেধাৰে ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, নাট্যকাৰ, অভিনেতা, চিত্ৰশিল্পী, নৃত্যশিল্পী, গীতিকাৰ, সুৰকাৰ তথা সৰ্ব গুণৰ আকৰ আছিল শ্ৰীমন্ত শংকৰদেৱ।

আজি গুৰুজনাৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ তিথি উপলক্ষে ৰাজ্যৰ নামঘৰসমূহত পুৱাৰে পৰা উঠিছে হৰিনামৰ ধ্বনি। হাজাৰ হাজাৰ ধৰ্মপ্ৰাণ ৰাইজে বন্তি-শৰাই নৈবেদ্য আগবঢ়াই নিজৰ লগতে পৰিয়ালৰ মংগল কামনাৰে গুৰুজনাৰ শ্ৰীচৰণত সেৱা নিবেদন কৰিছে।

ভক্তি আন্দোলনৰ সূচনা কৰি অন্ধবিশ্বাস,কু-সংস্কাৰ আঁতৰ কৰি এখন সুস্থিৰ সমাজ গঠন কৰাত প্ৰধান হোতা গুৰুজনাক হৰিনাম কীৰ্তনেৰে ৰাজ্যজুৰি সোঁৱৰণ কৰিছে ভক্তপ্ৰাণ ৰাইজে।

Category
Profile picture for user UB Photos