মাতৃৰ মুখাগ্নি কৰিবলৈ পুত্ৰই কৰিলে অস্বীকাৰ! কান্ধত তুলি শ্মশানলৈ লৈ গ'ল চাৰি কন্যাই

Mother Deadbody

মৃত মাতৃৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ৪ কিলোমিটাৰ কান্ধত তুলি শ্মশানলৈ লৈ গ'ল চাৰি কন্যাই।

এই দৃশ্য এতিয়া সৰ্বত্ৰে চৰ্চিত। মাতৃৰ মৃত্যুৰ পিছতে দুই পুত্ৰ সন্তান অমান্তি হয় মাতৃৰ মুখাগ্নি কৰিবলৈ। গতিকে চাৰিগৰাকী কন্যাই বহন কৰিবলগীয়া হয় দায়িত্ব।

এই ঘটনা সংঘটিত হয় ওড়িশ্যাত। দুই পুত্ৰই অস্বীকাৰ কৰে শেষকৃত্য কাৰ্যসূচীৰ বাবে ৷ ইয়াৰ পাছতে চাৰিগৰাকী কন্যাই মৃত মাতৃৰ শৱদেহ চাঙিত তুলি লৈ যায় শেষকৃত্যৰ বাবে ৷

দেওবাৰে মৃত্যু হৈছিল পুৰিৰ মংগলাঘাটৰ জাতি নায়ক নামৰ মহিলাগৰাকীৰ ৷ তেওঁৰ পৰিয়ালত আছিল দুই পুত্ৰ আৰু চাৰিগৰাকীকৈ কন্যা সন্তান ৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি দুই পুত্ৰই মাতৃৰ মৃত্যুৰ পাছত আগবাঢ়ি নাহিল শেষকৃত্যৰ বাবে ৷

চৈয়দ নামৰ এজন লোকে এইসন্দৰ্ভত কয়, দুয়োটা সন্তানে মাতৃৰ শেষকৃত্যলৈ যাবলৈ অমান্তি হোৱাত সমাজৰ পৰম্পৰা ভাঙি এনেদৰে আগবাঢ়ি যাবলগীয়া হল চাৰিওগৰাকী কন্যা। একাংশ চুবুৰীয়াই এই ক্ষেত্ৰত সহায় কৰে মহিলাকেইগৰাকীক।

 

Category
Profile picture for user UB Photos