Disposal cup

আপোনাৰ স্বাস্থ্যৰ বাবে হানিকাৰক হ'ব পাৰে কাগজৰ কাপ।  গৱেষণাত পোৱা তথ্যৰ মতে কাগজৰ কাপত চাহ খালে শৰীৰত পৰে মাৰাত্মক প্ৰভাৱ। খড়গপুৰ আই আই টিৰ বিশেষজ্ঞসকলৰ মতে কাগজৰ কাপ প্ৰস্তুত কৰোতে হাইড্ৰ'ফোবিক ফিল্ম ব্যৱহাৰ কৰা হয়। মূলতঃ চাহৰ উষ্ণতাই যাতে কাগজ তিয়াই নষ্ট কৰিব নোৱাৰে তাৰ বাবেই কাগজৰ কাপত হাইড্ৰ'ফোবিক ফিল্ম ব্যৱহাৰ কৰা হয়। আৰু ইয়াৰ পৰাই মানুহৰ শৰীৰৰ ভয়ংকৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে।