ডিস্পজেব'ল কাপত চাহ খালে হ'ব পৰা গুৰুতৰ শাৰীৰিক সমস্যাৰ বিষয়ে আপুনি জানেনে?

Tea

আপোনাৰ স্বাস্থ্যৰ বাবে হানিকাৰক হ'ব পাৰে কাগজৰ কাপ।  গৱেষণাত পোৱা তথ্যৰ মতে কাগজৰ কাপত চাহ খালে শৰীৰত পৰে মাৰাত্মক প্ৰভাৱ। খড়গপুৰ আই আই টিৰ বিশেষজ্ঞসকলৰ মতে কাগজৰ কাপ প্ৰস্তুত কৰোতে হাইড্ৰ'ফোবিক ফিল্ম ব্যৱহাৰ কৰা হয়। মূলতঃ চাহৰ উষ্ণতাই যাতে কাগজ তিয়াই নষ্ট কৰিব নোৱাৰে তাৰ বাবেই কাগজৰ কাপত হাইড্ৰ'ফোবিক ফিল্ম ব্যৱহাৰ কৰা হয়। আৰু ইয়াৰ পৰাই মানুহৰ শৰীৰৰ ভয়ংকৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। 
গৱেষণাত পোৱা মতে, কাগজেৰে প্ৰস্তুত কৰা কাপত ১০০ মিলিলিটাৰ চাহ ঢলাৰ কিছুসময়ৰ পাছতে তাত পঁচিশ হাজাৰ মাইক্ৰ'প্লাষ্টিক ভাঁহি উঠিবলৈ আৰম্ভ কৰে। এই মাইক্ৰ'প্লাষ্টিক লাহে লাহে চাহৰ সৈতে মিহলি হৈ যায়। এই মাইক্ৰ'প্লাষ্টিকত থাকে ক্ৰ'মিয়াম, কেডমিয়াম, জাতীয় বিষাক্ত উপাদান। এই উপাদান সমূহে আমাৰ শৰীৰৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে।

Category
Profile picture for user UB Photos