Worldcup

কাইলৈৰ পৰা আৰম্ভ হ’ব বহু প্ৰত্যাশিত ফিফা ৱৰ্ল্ড কাপ ২০২২। এইবাৰ এই ফুটবল টুৰ্নামেন্ট কাটাৰত আয়োজন কৰা হৈছে। এই ফুটবল বিশ্বকাপৰ প্ৰথমখন খেল দেওবাৰে অৰ্থাৎ ২০ নৱেম্বৰত শুভাৰম্ভ কৰা হ’ব। উক্ত খেলখনৰ প্ৰথম দিনা ইকুৱেডৰ আৰু কাটাৰৰ মাজত হ’ব আৰু ভাৰতীয় সময় অনুসৰি ৯ বাজি ৩০ মিনিটত আৰম্ভ হ’ব এই খেল।