Deeplina Deka

বিপদত পৰিছে জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা। মাজনিশাই চানমাৰী আৰক্ষী থানাত উপস্থিত হয় কণ্ঠশিল্পী দীপলিনা ডেকা। ঘটনা অনুসৰি দীৰ্ঘদিন ধৰি এজন লোকে মানসিকভাৱে অত‍্যাচাৰ চলাই আহিছিল দীপলিনাক।

ফোনত দীপলিনাৰ সৈতে প্ৰায়ে অশ্লীল বাৰ্তালাপ কৰিব বিছাৰিছিল লোকজনে

শুক্ৰ বাৰে গধূলি পাঁচ বজাত দীপলিনাৰ বাসগৃহত অনাধিকাল প্ৰৱেশ কৰিছিল লোকজনে। লোকজনে ঘৰত প্ৰৱেশ কৰিয়ে দীপলিনাক অশ্লীল শব্দৰে গালি-গালাজ কৰিছিল। ভাঙিছিল আচবাবো। আনকি দুবছৰ পূৰ্বে ব‍্যক্তিজনে দীপলিনাক বিয়া কৰোৱা বুলিও দাবী কৰিছে।

 

উপায়ন্তৰ হৈ মাজনিশা আৰক্ষীৰ কাষ চাপিল কণ্ঠশিল্পীগৰাকী। দাখিল কৰিলে এজাহাৰ।