
নাৰায়ণপুৰৰ ৰাসত অপ্ৰীতিকৰ পৰিস্থিতি। গায়িকা দীপলিনা ডেকাৰ দৈৱকী অভিনয়ৰ মাজতে অথন্তৰ। নাৰায়ণপুৰ সন্মিলিত শিল্পী সংঘৰ উদ্যোগত নাৰায়ণপুৰৰ টেঙাপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল শ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা। ৰাসৰত দৈৱকীৰ ভাৱত অভিনয় কৰিছিল কন্ঠশিল্পি দীপলিনা ডেকাই। দীপলিনাৰ অভিনয় চাবলৈ অনুষ্ঠানত দৰ্শকৰ ভিৰ। অভিনয় চাবলৈ নোপোৱা একাংশ উদণ্ড লোকে শিল্পীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে। যাৰ ফলত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় প্ৰেক্ষাগৃহত। এই অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে আধাতে বন্ধ কৰিবলগীয়া হয় ৰাসৰ অনুষ্ঠান।
- Log in to post comments