Assamese Veteran Actor

সকলোকে কন্দুৱাই অজান দেশলৈ গুচি গ'ল যশস্বী অভিনেতা নিপন গোস্বামী। ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ অভিনেতাজনৰ। ১০০ৰো অধিক ছবিত অভিনয় কৰিছিল নিপন গোস্বামীয়ে। অসমীয়াৰ লগতে হিন্দী আৰু বাংলা ছবিতো অভিনয় কৰিছিল অভিনেতা গৰাকীয়ে। ১৯৫৭ চনত ‘পিয়লি ফুকন’ ছবিত শিশু শিল্পীৰূপে অভিনয় কৰিছিল নিপন গোস্বামীয়ে আৰু এই খনেই আছিল তেখেতৰ অভিনীত প্ৰথম ছবি। ১৯৬৮ চনত অসমীয়া ছবি জগতত নায়কৰ ৰূপত ভূমুকি মাৰিছিল তেখেতে। ‘সংগ্ৰাম’ বোলছবিত নায়কৰ ৰূপত প্ৰথম অভিনয় গোস্বামী দেৱৰ।‘ড০ বেজবৰুৱা’ আছিল তেখেতৰ প্ৰথম ছুপাৰহিট ছবি। কেইবাটাও বঁটাৰে সন্মানিত হৈছিল যশস্বী অভিনেতাজন। ২০২১ চনত ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা লাভ কৰিছিল নিপন