West Bengal CM

বিশাল জনসভাত যোৱা সময়ত হেলিকপ্টাৰৰ ভিতৰতে উজুতি খাই পৰিল পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।  আছনছোলৰ কুলটিত জনসভাত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা। উজুতি খোৱাৰ ফলত সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।

উল্লেখ্য যে, হেলিকপ্টাৰত ছিৰি বগাই গৈ আসনত বহিবলৈ লওঁতেই উজুতি খাই পৰে মুখ্যমন্ত্ৰীগৰাকী।। আজি দুৰ্গাপুৰৰ পৰা কুলটিলৈ যোৱাৰ কথা আছিল মুখ্যমন্ত্ৰীগৰাকীৰ।