পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মূৰ্তি কলকাতা দুৰ্গা পূজা পেণ্ডেলত স্থাপন!

CM Mamata Banerjee’s idol installed at Kolkata Durga Puja pandal

সন্মুখত শাৰদীয় দূৰ্গা পূজা উৎসৱ।

মাজত মাথো দুদিন বাকী থকা অৱস্থাত, ৰাজ্যখনৰ উত্তৰ ২৪ পৰগণাৰ এটা থীম-আধাৰিত পেণ্ডেলত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এটা মূৰ্তি স্থাপন কৰা হৈছে।

কলকাতাৰ বাগুইহাটিৰ নজৰুল পাৰ্ক উন্নয়ন সমিতিত অৱস্থিত পেণ্ডেলখনত ৰাজ্যখনৰ টিএমচি চৰকাৰে হাতত লোৱা আঁচনিসমূহ ১০ খন হাতেৰে মুখ্যমন্ত্ৰী বেনাৰ্জীৰ মূৰ্তিটোত দেখুওৱা হৈছে।

মূৰ্তিটো ফাইবাৰগ্লাছৰ দ্বাৰা সৃষ্টি কৰা হৈছে। মূৰ্তিটো পৃষ্ঠভূমিত এখন বগা শাৰী আৰু 'বিশ্ব বাংলা'ৰ ল'গ' আছে। কোভিড১৯ প্ৰটোকল অনুসৰণ কৰি পেণ্ডেলখন সম্পূৰ্ণ কৰিবলৈ শিল্পীসকলক প্ৰায় ১.৫ মাহ সময় লাগিছে।

ইফালে, পশ্চিম বংগ চৰকাৰে দুৰ্গা পূজা উদযাপনৰ পূৰ্বে কোভিড১৯ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি, পেণ্ডেলবোৰ এক প্ৰশস্ত প্ৰকাৰে নিৰ্মাণ কৰিব লাগিব আৰু সকলো ফালৰ পৰা খোলা থাকিব লাগিব।

লগতে, দৰ্শনাৰ্থীসকলৰ মাজত শাৰীৰিক দূৰত্ব নিশ্চিত কৰাৰ বাবে বিশেষ ব্যৱস্থা কৰিব লাগিব। তদুপৰি, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰে দুৰ্গা পূজাৰ পেণ্ডেল উদ্বোধন কৰাৰ সময়ত কোভিড১৯ৰ নিৰ্দেশনা অনুসৰণ কৰিবলৈও ৰাইজক আহ্বান জনাইছে।

Category
Profile picture for user UB Photos