Cow Protest

‘অ হিমন্ত আমাক লৈ ৰাজনীতি বন্ধ কৰক’, ৰাজপথত এইবাৰ গৰুৰ প্ৰতিবাদ!

মানুহে কৰা প্ৰতিবাদ হয়টো বহুত শুনিছে আজি আমি আপোনাক জনাম চৰকাৰৰ বিৰুদ্ধে কৰা গৰুৰ প্ৰতিবাদৰ বিষয়ে৷ অসম তৃণমুল কংগ্ৰেছ ধেমাজি জিলা সমিতিৰ উদ্যোগত এই প্ৰতিবাদ৷

গো-সুৰক্ষা আইন ২০২১ বাতিলৰ দাবীত ‘অ হিমন্ত আমাক লৈ ৰাজনীতি বন্ধ কৰক’ বুলি পিঠিত লিখি প্ৰতিবাদ গৰুৰ৷ ৰ’ব আচলতে এই প্ৰতিবাদ গৰুৱে অকলে কৰা নাই প্ৰতিবাদী কাৰ্যসূচীত আছে মানুহো৷ বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গান দি গৰুক লগত লৈ প্ৰতিবাদ কৰে ৩০০ৰো অধিক ৰাইজে৷