Manipur

হিংসাজৰ্জৰ মণিপুৰ পুনৰ ভ্ৰমণ কৰিলে ৰাহুল গান্ধীয়ে। এইবাৰ লোকসভাৰ বিৰোধী দলপতি হিচাপে মণিপুৰ ভ্ৰমণ ৰাহুল গান্ধীৰ। শিলচৰৰ পৰা স্থলপথেৰে মণিপুৰত উপস্থিত হয়গৈ বিৰোধী দলপতিগৰাকী। জিৰিবাম, চূড়াচান্দপুৰ, মৈৰাং আদি অঞ্চলত কেইবাটাও আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ৰাহুল গান্ধীয়ে। 

শৰণাৰ্থীসকলৰ সৈতেও মত বিনিময় কৰে বিৰোধী দলপতিগৰাকীয়ে। ইয়াৰ পিছতে মণিপুৰৰ ৰাজ্যপাল সুপ্ৰিয়া উইকেৰ সৈতে মিলিত হয় এক বৈঠকত। মণিপুৰ ভ্ৰমণৰ অন্তত এক সংবাদ মেল সম্বোধন কৰি মণিপুৰৰ পৰিস্থিতি অধ্যয়নৰ বাবে ৰাজ্যখনলৈ প্ৰধানমন্ত্ৰী নহাত প্ৰকাশ কৰে ক্ষোভ।