Ambubachi Nela 2022

উখল-মাখল নীলাচলৰ বুকু। ২২ জুনৰ পৰা নীলাচলত অনুষ্ঠিত হ’ব অম্বুবাচী মেলা। অম্বুবাচী মেলাৰ বাবে সাজু হৈছে শক্তিপীঠ কামাখ্যা। অম্বুবাচী মেলাৰ পূৰ্বে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা কামাখ্যা দেৱালয়ৰ।

সুদীৰ্ঘ ২ বছৰৰ অন্তত নীলাচলৰ বুকুত অনুষ্ঠিত হ’ব অম্বুবাচী মেলা। ২২ জুনত প্ৰবৃত্তি ঘটাৰ লগে লগে বন্ধ হ’ব শক্তিপীঠ মা কামাখ্যা দেৱালয়ৰ দুৱাৰ। অম্বুবাচী মেলাৰ নিৰ্দেশনাসমূহ হৈছে-

১) অম্বুবাচী মেলাৰ সময়ত নীলাচলত নাথাকিব বহিঃৰাজ্যৰ পৰা অহা ভক্তসকলৰ বাবে থকা-খোৱাৰ ব্যৱস্থা।

২) নীলাচলত স্থানীয় আৰু বহিঃৰাজ্যৰ পৰা অহা অস্থায়ী ব্যৱসায়ীয়ে বিপনি স্থাপন কৰিব নোৱাৰিব।