Ambubachi Festival

অহা ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ'ব মহা অম্বুবাচী মেলা।

২২ জুনৰ সন্ধিয়া ৮ বাজি ১৮ মিনিটৰ প্ৰবৃত্তিৰ পাছতেই ২৫ জুনলৈকে বন্ধ থাকিব কামাখ্যা মন্দিৰৰ দুৱাৰ।
২৬ জুনৰ পুৱাহে ভক্তৰ বাবে খোল খাব মন্দিৰৰ দুৱাৰ।

উল্লেখ্য যে, ক'ৰোণাসৃষ্ট পৰিৱেশৰ বাবে বিগত দুটা বৰ্ষত অনুষ্ঠিত হোৱা নাছিল মহা অম্বুবাচী মহোৎসৱ।
শেহতীয়াকৈ ক'ৰোণাৰ প্ৰকোপ কম যদিও মন্দিৰ কৰ্তৃপক্ষই অম্বুবাচী ক'ভিডসংক্ৰান্তীয় বাধ্যবাধকতাৰ মাজেৰেই পালনৰ সিদ্ধান্ত লৈছে।

এই সংক্ৰান্তত ১৮ জুনত মন্দিৰ কৰ্তৃপক্ষই ৰাজ্যৰ মুখ্য সচিব আৰু ১৯ জুনত জিলা উপায়ুক্তৰ সৈতে পৃথকে পৃথকে বৈঠকত মিলিত হৈছে।