Umrangso

পশ্চিম কাৰ্বি আংলঙৰ টুম্প্ৰেঙৰ বৃহত্তৰ অঞ্চলত কপিলী নৈয়ে ধাৰণ কৰিছে সংহাৰী ৰূপ। উমৰাংছ’ বান্ধৰ গেইট খুলি দিয়াত পুনৰ বৃদ্ধি পাইছে কপিলী নৈৰ জলস্তৰ। ফলত প্লাৱিত পশ্চিম কাৰ্বি আংলং জিলাৰ টুম্প্ৰেং অঞ্চলৰ ন ন অঞ্চল। প্লাৱিত হৈ পৰিছে ভেলাপাৰা, সাতগাঁও, মুগাচং অঞ্চল।

টুম্প্ৰেং লাংছ’পীৰ লগতে বহু ঠাইত মথাউৰিৰ ওপৰেদি পানী বাগৰি বুৰাই পেলাইছে বহু গাঁও। আনহাতে টুম্প্ৰেং বজাৰৰ কাষতে থকা মথাউৰিটোৰ ঠায়ে ঠায়ে লিক কৰি কিছু পৰিমানে পানী নিগৰিছে। ফলত আতংকিত হৈ পৰিছে টুম্প্ৰেং বজাৰৰ কাষৰ লোকসকল।