Patiala

৩৪ বছৰ পুৰণি গোচৰত উচ্চতম ন্যায়ালয়ে এবছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি দিয়াৰ পিছতে কাৰাগাৰৰ আলহী হৈছে পঞ্জাৱৰ প্ৰাক্তন কংগ্ৰেছ সভাপতি নৱজোত সিং সিদ্ধু। এতিয়া পাটিয়ালা কেন্দ্ৰীয় কাৰাগাৰত আছে নৱজোত সিং সিদ্ধু।
জেলত একো খোৱা নাই সিদ্ধুৱে। এই কথা দাবী কৰিছে সিদ্ধুৰ অধিবক্তাই। অধিবক্তাই কোৱা মতে নৱজোত সিং সিদ্ধুৱে ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰিছিল জেল প্ৰশাসনৰ সন্মুখত।

সিদ্ধুৰ অধিবক্তা এইচ পি এছ বাৰ্মাই জনোৱা মতে, সিদ্ধুৰ ঘেঁহুৰ পৰা এলাৰ্জী আছে। সেইবাবে তেওঁ জেলৰ খাদ্য খাব পৰা নাই।