Road Show

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত এইবাৰ প্ৰতিদ্বন্দিতা আগবঢ়াইছে আম আদমী পাৰ্টীয়ে।

বিজেপিৰ বাবেও কিছু কিছু ৱাৰ্ডত দলটোৰ প্ৰাৰ্থীসকল হৈ পৰিছে প্ৰত্যাহ্বান স্বৰূপ। বুধবাৰে অন্ত পৰিব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান।

আজি অন্তিম দিনটোত প্ৰায় প্ৰতিটো ৰাজনৈতিক দলেই নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰে।পিছ পৰি নাথাকিল আম আদমী পাৰ্টীও। ভৰলুমুখৰ সোনাৰাম খেলপথাৰৰ পৰা আম আদমী পাৰ্টিয়ে বাহিৰ কৰে এক বিশাল ৰোড শ্ব'। ৰোড শ্বত অংশগ্ৰহণ কৰে নিৰ্বাচনত প্ৰতিনিধিত্ব কৰা ৩৯ টা ৱাৰ্ডৰ প্ৰতিনিধি আৰু সমৰ্থকসকলে।