GMC ELECTION: গুৱাহাটীত আম আদমী পাৰ্টীৰ বিশাল ৰোডশ্ব'

AAP road show

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত এইবাৰ প্ৰতিদ্বন্দিতা আগবঢ়াইছে আম আদমী পাৰ্টীয়ে।

বিজেপিৰ বাবেও কিছু কিছু ৱাৰ্ডত দলটোৰ প্ৰাৰ্থীসকল হৈ পৰিছে প্ৰত্যাহ্বান স্বৰূপ। বুধবাৰে অন্ত পৰিব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান।

আজি অন্তিম দিনটোত প্ৰায় প্ৰতিটো ৰাজনৈতিক দলেই নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰে।পিছ পৰি নাথাকিল আম আদমী পাৰ্টীও। ভৰলুমুখৰ সোনাৰাম খেলপথাৰৰ পৰা আম আদমী পাৰ্টিয়ে বাহিৰ কৰে এক বিশাল ৰোড শ্ব'। ৰোড শ্বত অংশগ্ৰহণ কৰে নিৰ্বাচনত প্ৰতিনিধিত্ব কৰা ৩৯ টা ৱাৰ্ডৰ প্ৰতিনিধি আৰু সমৰ্থকসকলে।

উল্লেখ্য় যে, আজিৰ ৰোডশ্বত অংশগ্ৰহণ কৰে আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্যা তথা দিল্লীত হোৱা শৈক্ষিক বিপ্লৱৰ এগৰাকী অন্যতম নায়িকা, দিল্লী বিধানসভাৰ সন্মানীয় সদস্য অতিশীয়ে।

ভৰলুমুখস্থিত সোণাৰাম খেলপথাৰৰ পৰা উলুবাৰীলৈ বাহিৰ কৰা জাকজমকতাপূৰ্ণ ৰোড-শ্ব'ত অংশগ্ৰহণ কৰে আপ, অসমৰ সমন্বয়ক ডাঃ ভবেন চৌধুৰী আৰু অসমৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাৰ লগতে অসমৰ সকলো নেতাই।

Category