Labours

গুৱাহাটীৰ ৰুক্মিণী গাঁৱত মাজনিশা এগৰাকী সুৰাসক্ত যুৱতীয়ে চাৰিচকীয়া গাড়ীৰে কৰ্মৰত শ্ৰমিকক খুন্দা মাৰে।

সংকটজনক অৱস্থাত চাৰিজন শ্ৰমিকক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ প্ৰেৰণ কৰা হয়।

দিচপুৰ আৰক্ষী পুৱা প্ৰায় ২ বজাত ঘটনাস্থলীত উপস্থিত হয়। যুৱতীগৰাকীয়ে কৰ্তব্যৰত আৰক্ষীৰ সৈতে তৰ্ক কৰিছিল বুলিও অভিযোগ কৰা হৈছে।

তথ্য অনুসৰি, দুজন শ্ৰমিকৰ অৱস্থা সংকটজনক। অৱশ্যে, এতিয়ালৈকে আৰক্ষীয়ে শ্ৰমিকসকলৰ পৰিচয় জানিব পৰা নাই।