Dispur

আম খাই আপুনি নিশ্চয় ভাল পায়। টেঙা-মিঠা আমাৰ বহুতৰে প্ৰিয়। নিমখ-জলকীয়া লগাই আম খাই আমি সকলোৱে ভালপাওঁ। পিছে এইবাৰ আম গছত লমালমে লাগি থকা আম দেখি লোভ লগাই কাল হ'ল এজনৰ। আম গছলৈ ফৰ্মূটি দলিয়ালে ঠিকেই, পিছে এটা ফৰ্মূটিৰ বাবেই থানা পালেগৈ এজন লোক।

 

দিছপুৰৰ বিধায়ক অতুল বৰাৰ ৪৫ নম্বৰ বিধায়ক আবাস গৃহত এই অঘটন। চৰকাৰী আবাস গৃহৰ চৌহদত থকা আম গছলৈ ফৰ্মূটিয়াইছিল সুভাষ বৰ্মন নামৰ এজন লোকে। পিছে কপাল বেয়া আছিল সুভাষ বৰ্মনৰ। আমত ফৰ্মূটি লাগিল ঠিকেই। কিন্তু আম গৈ পৰিলগৈ দিছপুৰৰ বিধায়ক অতুল বৰাৰ চোতালত।