MS Dhoni

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বন্ধু মিহিৰ দিবাকৰ আৰু তেওঁৰ পত্নী সৌম্যা দাসে। দিল্লীৰ উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে গোচৰ। অধিবক্তা প্ৰতিভা এম সিং ৰ আদালতত গ্ৰহণ কৰা হ’ব গোচৰৰ শুনানি।

উল্লেখ্য যে দহ দিন পূৰ্বে প্ৰাক্তন অধিনায়ক গৰাকীয়ে বন্ধু তথা ব্যৱসায়িক সহযোগী দিবাকৰৰ বিৰুদ্ধে ১৫ কোটি টকাৰ জালিয়াতিৰ গোচৰ ৰুজু কৰিছিল।

তেওঁলোকে ধোনিৰ নামত এখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়াইছিল। ২০১৭ চনত এটা কোম্পানীৰ সৈতে চুক্তিবদ্ধ হৈছিল যদিও দিবাকৰে চুক্তিৰ চৰ্তাৱলী মানি চলিব নোৱাৰিলে।