BREAKING: ধোনীয়ে চেন্নাই চুপাৰ কিংছৰ অধিনায়কত্বৰ পদ হস্তান্তৰ কৰিলে ৰবীন্দ্ৰ জাদেজাক

Official Statement

আই পি এল ২০২২ৰ প্ৰাক মুহূর্তত, এম এছ ধোনীয়ে বৃহস্পতিবাৰে চেন্নাই চুপাৰ কিংছৰ অধিনায়কত্ব ৰবীন্দ্ৰ জাদেজাক হস্তান্তৰ কৰে। চিএচকে ইয়াৰ টুইটাৰ একাউণ্টৰ জৰিয়তে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। 

এম এছ ধোনীৰ পিছত কোনে চিএছকেক নেতৃত্ব দিব আৰু এতিয়া আই পি এল ২০২২ৰ আগতে, এম এছ ধোনীয়ে অভিজ্ঞ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাক বেটনটো অৰ্পণ কৰিছে বুলি অনুমান চলি আছিল। 

এম এছ ধোনী ২০০৮ চনৰ পৰাই চিএছকেৰ সৈতে জড়িত হৈ আছে আৰু এই ছিজনটো ফ্ৰেঞ্চাইজিৰ বাবে তেওঁৰ অন্তিম ছিজন হ'ব পাৰে কিয়নো তেওঁ ইতিমধ্যে সকলো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছে।

উল্লেখ্য় যে, ৰবীন্দ্ৰ জাদেজা চিএছকেৰ পৰৱৰ্তী অধিনায়ক হ'ব পাৰে বুলি আগতে সুনীল গাভাস্কাৰে ইংগিত দিছিল।

আই পি এলৰ অফিচিয়েল ব্ৰডকাষ্টাৰ ষ্টাৰ স্পৰ্টছত সম্প্ৰচাৰিত গেমপ্লেন খণ্ডৰ সময়ত গাভাস্কাৰে কয়, "যদি অদ্ভূত খেলখনত এম এছ ধোনীয়ে বিৰতি লোৱাৰ সিদ্ধান্ত লয়, তেন্তে মই আচৰিত নহ'ম যদি অধিনায়কত্বৰ দায়িত্ব জাদেজাক হস্তান্তৰ কৰা হয়।"

চেন্নাই চুপাৰ কিংছে এম এছ ধোনীৰ অধিনায়কত্বত ৩ টা আই পি এল ট্ৰফী ইতিমধ্য়ে জিকিছে ৰবীন্দ্ৰ জাদেজা আই পি এলত ফ্ৰেঞ্চাইজিৰ নেতৃত্ব দিয়া তৃতীয় জন খেলুৱৈ হিচাপে পৰিগণিত হ'ব। 

Category
Profile picture for user UB Photos