Education Minister

ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰকৃতিৰ ধ্বংসলীলা। ৰুষ্ট প্ৰকৃতিৰ বাবে ক’ৰবাত যদি বান, আন ক’ৰবাত আকৌ ভূমিস্খলন। প্ৰতিকূল বতৰ আৰু বিভিন্ন প্ৰান্তত সংঘটিত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ বাবে বাতিল কৰা হ’ল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা।

অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে মঙলবাৰে এক জাননীযোগে ঘোষণা কৰে এই কথা। ১৮ মে’ৰ পৰা ২১ মে’লৈকে অনুষ্ঠিত হোৱাৰ কথা আছিল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা। ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰকৃতিৰ ধ্বংসলীলাৰ বাবে বাতিল কৰা হৈছে পৰীক্ষা।