১৫মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব মেট্ৰিক-উচ্চতৰ মাধ্য়মিকৰ পৰীক্ষা

HS Exam

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা ৰাজ্যখনত ১৫মাৰ্চ, ২০২২তাৰিখৰ পৰা অনুষ্ঠিত হ'ব বুলি অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে জানিবলৈ দিয়ে।

পেগুৱে সৰ্বশিক্ষা অভিযানৰ সৈতে হোৱা এখন বৈঠকত অংশ গ্ৰহণ কৰাৰ পিছত এই ঘোষণা কৰে। তেওঁ কয়, "পৰীক্ষা মাৰ্চৰ দ্বিতীয় সপ্তাহৰ পৰা অনুষ্ঠিত হ'ব আৰু সম্ভৱতঃ এপ্ৰিলৰ প্ৰথম সপ্তাহৰ ভিতৰত সমাপ্ত হ'ব।"

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে পৰীক্ষাৰ পূৰ্বে অসমৰ প্ৰতিখন জিলাতে টিকাকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব।

"প্ৰতিখন জিলাতে প্ৰতিদিনে ১৫ খন বিদ্যালয়ক লক্ষ্য কৰা হ'ব যাতে আমি যিমান সম্ভৱ সোনকালে টিকাকৰণ সম্পূৰ্ণ কৰিব পাৰোঁ," ৰানোজ পেগুৱে কয়।

Category
Profile picture for user UB Photos