Ali Ai Ligang

আজি ফাগুনৰ প্ৰথমটো বুধবাৰ। মিচিং সকলৰ পৰম্পৰাগত আলি-আই-লৃগাং। ঐনিতম-গোমৰাগ নৃত্যৰে মুখৰিত ৰাজ্যৰ বিভিন্ন প্ৰান্ত। আলি-আই-লৃগাং হৈছে অসমৰ অন্যতম ভূমিপুত্ৰ অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিচিং সকলৰ এক বসন্ত উৎসৱ। এই‌ উৎসৱ কৃষিৰ লগত সম্বন্ধিত। 

প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়। ১৯৫৬ চনত মিচিংসকলৰ বৃহত্তম আৰ্থ-সামাজিক অনুষ্ঠান বানে কেবাঙে আলি-আই-লৃগাং উৎসৱ ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰিবৰ বাবে প্ৰস্তাৱ আগবঢ়ায় আৰু তেতিয়াৰ পৰাই ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয়।