আলি আই লৃগাঙলৈ মাজত মাথোন কেইটামান দিন! ব্যস্ততাৰ অন্ত নোহোৱা হৈছে ৰাজ্যবাসীৰ

Ali ai Ligang

মিচিং জনগোষ্ঠীয় লোকসকলৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাঙলৈ মাজত মাথোন কেইটামান দিন বাকী।

লৃগাঙলৈ যিমানেই দিন চমু চাপি আহিছে ইমানেই ব্যস্ততাৰ অন্ত নোহোৱা হৈছে বিহুবলীয়া ৰাইজৰ। প্ৰান্তে প্ৰান্তে ঢোলৰ গুমগুমনি আৰু ঐনিতমৰ ছন্দত মুখৰিত হৈ পৰিছে। কনেংহতেও তাতশালত ৰিবি্গাচেং,মাপলাৰ বোৱাত ব্যস্ত হৈ পৰিছে। যেন অ-ঘোষিত প্ৰতিযোগিতাতহে নামি পৰিছে কনেংহত। মুঠৰ ওপৰত আলি আই লৃগাঙক আদৰাৰ বাবে ৰাজ্যবাসীৰ সীমাহীন উচাহৰ অন্ত নোহোৱা হৈছে।

সোৱণশিৰিটো তাৰ ব্যতিক্ৰম নহয়। লৃগাঙৰ বাবে কণ কণ ২০ গৰাকী শিশুক বিনামূলীয়াকৈ নিজা প্ৰচেষ্টাত এমাহজোৰা গুমৰাগ নৃত্যৰ আখৰা কৰাত ব্যস্ত হৈ পৰিছে শৈলেন মেদক নামৰ এগৰাকী সাংস্কৃতিক প্ৰেমী। কণ কণ শিশুহতেও ঢোলৰ তালে তালে ঐনিতমৰ ছন্দত গুমৰাগ নৃত্যৰ আখৰা কৰাত ব্যস্ত।

 

Category
Profile picture for user UB Photos