Habung Ho Phie

টাই আহোম সম্প্ৰদায়ৰ লোকসকলৰ জাতীয় উৎসৱ মে-ডাম্-মে-ফীৰ দিনটোত লখিমপুৰৰ হাবুঙত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। হাবুঙত উপস্থিত হৈ ন পৰিকল্পনাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হাবুঙক লৈ ন পৰিকল্পনা মুখ্যমন্ত্ৰী শৰ্মাৰ।

হাবুঙত নিৰ্মাণ কৰা হ’ব অতিথিশালা, প্ৰেক্ষাগৃহ। পৰম্পৰাগত গাঁও আৰু সংগ্ৰহালয় নিৰ্মাণৰ কথাও ঘোষণা মুখ্যমন্ত্ৰীৰ। ৫০খন গাঁৱত নিৰ্মাণ হ’ব চাও-চেং-মেন। প্ৰতিটো পৰিয়াললৈ ২০ লাখকৈ অনুমোদন কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ।