Curd

গাখীৰত কৈও দৈ আমাৰ শৰীৰৰ বাবে অতিকৈ উপকাৰী। বেক্টেৰিয়াৰ ফলত গাখীৰত ঘটা ৰাসায়নিক পৰিৱৰ্তনৰ ফলতেই দৈৰ সৃষ্টি হয়। দৈত লেক্টজক লেক্টিক এচিড থাকে। আজি দৈৰ গুণাগুণৰ বিষয়ে জানো আহক-

১. দৈৰ লাভালাভবোৰৰ ভিতৰত এক অন্যতম হৈছে ই ৰোগ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰে। দৈয়ে ৰোগ সৃষ্টিকাৰী বীজাণুৰ সৈতে যুঁজ দি শৰীৰটোক সুস্থ কৰি ৰখাত সহায় কৰে।

২. দৈ কেলচিয়াম আৰু ফছফৰাছ সমৃদ্ধ। কেলচিয়াম হৈছে আমাৰ হাড় আৰু দাঁতৰ ৰক্ষক। প্ৰতিদিনে দৈ খোৱাটোৱে আপোনাৰ দৈনিক কেলচিয়াম আৰু ফছফৰাছৰ প্ৰয়োজনীয়তা যথেষ্ট পৰিমাণে পূৰণ কৰে।