Weather Condition

কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেন ৰিজিজুৱে অৰুণাচল প্ৰদেশৰ টাৱাং ভ্ৰমণকাৰী লোকসকলৰ বাবে সতৰ্কবাণী জাৰি কৰিছে।

প্ৰচণ্ড তুষাৰপাত হোৱাৰ টাৱাঙৰ কেইবাটাও অঞ্চল অতি ভয়ংকৰ হৈ পৰিছে। যাৰফলত তাত থকা পৰ্যটকসকল তেওঁলোকৰ গন্তব্যস্থানত উপনীত হব পৰা নাই। ভয়ংকৰ তুষাৰপাতৰ ফলত ৰাস্তাবোৰত গাড়ী চলাবলৈ বিপদজনক হৈ পৰিছে যাৰবাৰে মন্ত্ৰীজনে টাৱাং ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিছে।

ৰিজিজুৱে জনাইছে যে বৈশাখী, চেলা পাছ আৰু নুৰানাঙৰ মাজত ধাৰাসাৰ বৰষুণ হোৱাৰ খবৰ পোৱা গৈছে। তেওঁ বৰফত আৱৰি থকা ৰাস্তাৰ বৰ্তমানৰ ছবিবোৰো শ্বেয়াৰ কৰিছে।