Weather Forecast

মহানগৰকে ধৰি সমগ্ৰ ৰাজ্যত বৰ্তমান ক্ৰিকেটৰ জ্বৰ ৷ ২অক্টোবৰত বৰ্ষাপাৰাত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তুমুল যুঁজ ৷ কিন্তু T-20 মেচৰ দুদিন পূবে বতৰ বিজ্ঞানে দিলে বৰষুণক লৈ বতৰা ৷

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞানৰ আগজননী অনুসৰি, বে’ অৱ বেংগল সাগৰ পৃষ্ঠৰ পৰা ১.৫ কিলোমিটাৰ ওপৰত উৎপত্তি হোৱা ধুমুহাৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যত বৰষুণৰ পূৰ্ণ সম্ভাৱনা আছে। আজিৰে পৰা ২৪ ঘণ্টাৰ ভিতৰত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু কিছু অঞ্চলত পাতলীয়া বৰষুণৰ লগতে বিজুলী ধেৰেকেনিৰ সম্ভাৱনা আছে।