অৰুণাচলৰ টাৱাং ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ কিৰেন ৰিজিজুৰ

Snow

কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেন ৰিজিজুৱে অৰুণাচল প্ৰদেশৰ টাৱাং ভ্ৰমণকাৰী লোকসকলৰ বাবে সতৰ্কবাণী জাৰি কৰিছে।

প্ৰচণ্ড তুষাৰপাত হোৱাৰ টাৱাঙৰ কেইবাটাও অঞ্চল অতি ভয়ংকৰ হৈ পৰিছে। যাৰফলত তাত থকা পৰ্যটকসকল তেওঁলোকৰ গন্তব্যস্থানত উপনীত হব পৰা নাই। ভয়ংকৰ তুষাৰপাতৰ ফলত ৰাস্তাবোৰত গাড়ী চলাবলৈ বিপদজনক হৈ পৰিছে যাৰবাৰে মন্ত্ৰীজনে টাৱাং ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিছে।

ৰিজিজুৱে জনাইছে যে বৈশাখী, চেলা পাছ আৰু নুৰানাঙৰ মাজত ধাৰাসাৰ বৰষুণ হোৱাৰ খবৰ পোৱা গৈছে। তেওঁ বৰফত আৱৰি থকা ৰাস্তাৰ বৰ্তমানৰ ছবিবোৰো শ্বেয়াৰ কৰিছে।

টুইটাৰযোগে মন্ত্ৰীগৰাকীয়ে লিখিছে, "এই মুহূৰ্তত অৰুণাচল প্ৰদেশৰ টাৱাং ভ্ৰমণকাৰী পৰ্যটকসকলক পৰামৰ্শ দিয়ক। বৈশাখী, চেলা পাছ আৰু নুৰানাঙৰ মাজত প্ৰচণ্ড বৰফ পৰাৰ খবৰ পোৱা গৈছে। আপুনি চলাচল কৰাৰ আগতে সঠিক তথ্য প্ৰাপ্ত কৰে কিয়নো ৰাস্তাটো চলাবলৈ অত্যাধিক ভয়ংকৰ আৰু তাপমাত্ৰা -২৫লৈ হ্ৰাস হয়!"

তেওঁ এটা ভিডিঅ'ও শ্বেয়াৰ কৰিছে যত তেওঁক কোৱা শুনা গৈছে যে তেওঁলোক ভাগ্যৱান যে তুষাৰপাত অলপতে পাৰ হ'বলৈ আৰম্ভ কৰিছে আৰু সেই বতৰত ভ্ৰমণ কৰাটো অত্যন্ত বিপদজনক।

Category
Profile picture for user UB Photos