Snowfall

তুষাৰপাতত বিপর্যস্ত সমগ্র ছিকিম। যাত্ৰাৰ সময়ত বৰফ পৰাৰ বাবে আবদ্ধ হৈ পৰে প্রায় এক হাজাৰ পৰ্যটক। ভাৰতীয় সেনাৰ ত্রিশক্তি কর্পছে পূব ছিকিমৰ দুর্গম অঞ্চলৰ পৰা দিনটোৰ ভিতৰতে উদ্ধাৰৰ কাম কৰি নিৰাপদে উদ্ধাৰ কৰে ৮০০জন লোকক। 

উল্লেখ্য যে, তীব্র শীতত নিথৰ হৈ থকা লোকসকলক সেনা বাহিনীৰ বেৰেকলৈ অনা হয়। প্রয়োজনীয় চিকিৎসাৰ উপৰি তেওঁলোকক গৰম কাপোৰ আৰু গৰম খাদ্য প্রদান কৰা হৈছে। উদ্ধাৰ কৰা পর্যটকসকলে সেনাৰ কাম-কাজৰ বাবে কৃতজ্ঞতা প্রকাশ কৰে।