Boragaon

মহানগৰীত বৰাগাওঁৰ গোসাইগাওঁত আন এক নৃশংস হত্যাকাণ্ড। নিজ পিতৃয়ে হত্যা কৰিলে ১১ বছৰীয়া নিজ কন্যা সন্তানক।

জানিব পৰা মতে, আশা বড়ো নামৰ কিশোৰী গৰাকীক পিতৃয়ে হত্যা কৰি বাহিৰৰ পৰা দুৱাৰত তলা  লগাই থৈছিল।

কিশোৰী জনীৰ মাতৃ পাৰ্বতী বড়োয়ে কৰ্তব্যৰ বাবে কালিয়ে ওলাই গৈছিল । আজি সন্ধিয়া মাতৃ হাৰ পিছত পোহৰলৈ আহে এই ঘটনা।

নিজ জী হত্য়াকাৰী পিতৃ বলবাহদুৰ বিশ্বকৰ্মা ওৰফে বলেন ছেত্ৰী হত্যাকাণ্ড সংঘটিত কৰি বৰ্তমান পলাতক। হত্যাকাৰী পিতৃৰ ঘৰ তেজপুৰ জামুগুৰিত।

উল্লেখ্য় যে, পূৰ্বৰে পৰা পত্নী আৰু স্বামীৰ মাজৰ সম্পৰ্কত মিল নাছিল ।