বৰাগাঁৱৰ কেন্দ্ৰীয় শ্বহীদ দিৱসত মুখ্যমন্ত্ৰী, শ্বহীদ ন্যাস গঠনৰ ঘোষণা মুখ্যমন্ত্ৰীৰ…

Assam CM

আজি শ্বহীদ দিৱস। বৰাগাঁৱৰ শ্বহীদ ক্ষেত্ৰত আয়োজন কেন্দ্ৰীয় শ্বহীদ দিৱসৰ। অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে মুখ্য সচিব জিষ্ণু বৰুৱা।

অনুষ্ঠানত অসম আন্দোলনত শ্বহীদ হোৱা সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে। অসম আন্দোলনৰ তথ্যকোষ শীৰ্ষক গ্ৰন্থ উন্মোচন মুখ্যমন্ত্ৰীৰ। গ্ৰন্থখনৰ দ্বিতীয় আৰু তৃতীয় খণ্ড উন্মোচন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা। শ্বহীদ পৰিয়ালৰ বাবে গঠন কৰা হ’ব সুকীয়া ন্যাস। ন্যাসৰ বাবে ধাৰ্য কৰা হৈছে ৫ কোটি টকা।বৰাগাঁৱত স্থাপন কৰা হ’ব শ্বহীদ মেম’ৰিয়েল। ইয়াৰ দ্বাৰা যুগমীয়া কৰা হ’ব শ্বহীদৰ স্মৃতি।

লগতে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে অসমীয়া মানুহৰ অস্তিত্বৰ যুঁজৰ কথা।তেওঁ কয় যে,’অসমীয়া মানুহে অস্তিত্বৰ বাবে সংগ্ৰাম চলাই আছে।অসমীয়া মানুহ আজি সুৰক্ষিত নহয়। অসমৰ সভ্যতা-সংস্কৃতিৰ বিনাশ হৈছে। হিন্দু মানুহ আজি সুৰক্ষিত নহয়। গৰুখুঁটিৰ পৰা আৰম্ভ হৈছে সভ্যতা ৰক্ষাৰ যুঁজ। অসমৰ ৪০ শতাংশ ভূমিত আগ্ৰাসন চলিছে। ১৯৭৯ চনৰ পাছত আজি আমি অধিক অসুৰক্ষিত। বাঁওপন্থী চিন্তাধাৰাৰ একাংশ লোকে অসমীয়া জাতিটোক বিনাশ কৰিছে’।

Category
Profile picture for user UB Photos