Hardik Pandya

হাৰ্দিক পাণ্ডিয়া আৰু মুম্বাই ইণ্ডিয়ানছৰ যেন বিপদে লগ নেৰা হৈছে। চলি থকা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ছিজনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ হাতত সপ্তমটো পৰাজয়ৰ সন্মুখীন হোৱাৰ পাছতে মেচখনত লেহেমীয়া অভাৰ ৰেট বজাই ৰখাৰ বাবে খেলুৱৈ একাদশৰ সকলো সদস্যৰ সৈতে তেওঁলোকৰ অধিনায়ক হাৰ্দিকক জৰিমনা বিহা হয়।

যিহেতু এইটো ছিজনত দলটোৰ দ্বিতীয়টো অপৰাধ আছিল, সেয়েহে হাৰ্দিকক ২৪ লাখ টকাৰ জৰিমনা বিহা হয়, আনহাতে দলৰ প্ৰতিজন সদস্যক ৬ লাখ টকাৰ জৰিমনা বিহা হয়।