Sorbhog

বঙাইগাঁও দিশৰ পৰা বৰপেটাৰোডলৈ আহি থকা দুই বাইক আৰোহীক মহতিয়াই লৈ যায় ট্ৰাকে। ফলত ঘটনাস্থলীতে কৰুণ মৃত্যুক আঁকোৱালি লব লগা হয় দুই যুৱকে।

দুৰ্ঘটনা সংঘটিত হোৱা বাইকখনৰ নম্বৰ AS19Q 5526 বুলি জানিব পৰা গৈছে। ইপিনে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ট্ৰাকখনে। স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰা মতে এখন তীব্ৰবেগী ট্ৰাকে সংঘটিত কৰে দুৰ্ঘটনাটো।

মৃত সঞ্জীৱ পালৰ ঘৰ খৈৰাবাৰী আৰু মৃত্যুঞ্জয় মিত্ৰৰ ঘৰ গোৰেশ্বৰত বুলি জানিব পৰা গৈছে। সৰভোগ আৰক্ষীয়ে ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন বিচাৰি তদন্ত আৰম্ভ কৰিছে।