সৰভোগত ভয়ংকৰ পথ দূৰ্ঘটনা, থিতাতে নিহত এজন

Accident

সৰভোগত ভয়ংকৰ পথ দূৰ্ঘটনা। থিতাতে নিহত এজন লোক।

এখন মাৰোতী বাহন আৰু বাইকৰ মুখামুখী সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ বান্দৰ খোৱাত সংঘটিত হৈছে এই ঘটনা।

সৰভোগ অভিমুখে গৈ থকা অৱস্থাত মাৰোতী বাহনখনে মহুতীয়াই নিয়ে বাইকখনক।

নিহত বাইক আৰোহীজন শাহাপুৰ গাঁৱৰ চিৰাজুল পাৰমানিক বুলি জানিব পৰা গৈছে। চিৰাজুল পাৰমানিক মাছৰ ব্যৱসায়িক ৰাতিপূৱা মাছ আনিবলৈ উলাওতেই সংঘটিত হয় এই ঘটনা।

Category
Profile picture for user UB Photos