Narayan Chakrabarty Murder Case

অৱশেষত ফাদিল হ’ল ৰহস্য। উৎকন্ঠাৰ অন্ত পেলাই আৰক্ষীৰ জালত পল্টন বজাৰৰ কালীবাৰীৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত।

পল্টন বজাৰৰ কালী মন্দিৰৰ পূজাৰী নাৰায়ণ চক্ৰৱৰ্তীৰ হত্যাৰ পিছতেই অঞ্চলজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জোৰদাৰ তদন্ত চলাই অৱশেষত গ্ৰেপ্তাৰ কৰিলে মূল হত্যাকাৰীক।

হত্যাকাণ্ডৰ গোচৰত সোমবাৰে মৃত নাৰায়ণ চক্ৰৱৰ্তীৰ পত্নী মৌচুমী চক্ৰৱৰ্তী গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। তাৰপিছতে পোহৰলৈ আহিছে মূল কাহিনী। পত্নী-জীয়ৰীয়ে মিলি হত্যা কৰিছিল পুৰোহিত নাৰায়ণ চক্ৰৱৰ্তীক।