Boxing

ছবাৰৰ বিশ্ব চেম্পিয়ন তথা লণ্ডন অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী বক্সাৰ মেৰী কমে ক্ৰীড়াৰ পৰা অৱসৰ লোৱাৰ সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিক অস্বীকাৰ কৰিছে।

মেৰী কমে কয় যে, মই এতিয়াও অৱসৰৰ কথা ঘোষণা কৰা নাই আৰু মোৰ বক্তব্যৰ ভুল উদ্ধৃতি দিয়া হৈছে। মই ব্যক্তিগতভাৱে যেতিয়াই ঘোষণা কৰিব বিচাৰিম তেতিয়াই সংবাদ মাধ্যমৰ সন্মুখলৈ আহিম।