Corona Pandemic

বৃদ্ধি পালে ৰাজ্যত সান্ধ্য আইনৰ সময়। এক নতুন এছ অ পি প্ৰকাশ ৰাজ্য চৰকাৰৰ।

আজি ২৬ অক্টোবৰ তাৰিখৰ পৰা নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ থাকিব কাৰ্ফিউ। নিশা ১০ বজালৈ খোলা ৰাখিব পাৰিব দোকান পোহাৰসমুহ।

বিবাহ অনুষ্ঠানত কমেও একোটাকৈ ভেকচিন লোৱা ৫০ জন লোকক উপস্থিত থকাৰ অনুমতি। অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠানতো ৫০ লোকৰ উপস্থিতিৰ অনুমতি।

ধৰ্মীয় স্থানত প্ৰতি ঘণ্টাত দুয়োটা ভেকচিন গ্ৰহণ কৰা ৬০ লোকক উপস্থিত থকাৰ অনুমতি লগতে বিশেষ ধৰ্মীয় স্থানত প্ৰতি ঘণ্টাত দুয়োটা ভেকচিন গ্ৰহণ কৰা ৪০ গৰাকী লোকৰ উপস্থিতিত অনুমতি।