অহা ১ অক্টোবৰৰ পৰা দেশৰ অৰ্থনৈতিক ক্ষেত্ৰত হ’ব কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন। ১ অক্টোবৰৰ পৰা দেশৰ অৰ্থনীতিত কাৰ্যকৰী হ’ব বহুতো নতুন নিয়ম।
২০২৩ চনৰ ১ অক্টোবৰৰ পৰা ২০ শতাংশ উৎস কৰ সংগ্ৰহ(টিচিএছ)ৰ নতুন নিয়ম কাৰ্যকৰী হ’ব। এই নিয়ম অনুসৰি কেৱল বিদেশ ভ্ৰমণৰ ক্ষেত্ৰতে নহয় অন্য দেশৰ সৈতে কৰা যিকোনো প্ৰকাৰৰ লেনদেনৰ বাবেই কৰ আদায় কৰিব লাগিব জনতাই।