দেশৰ বিত্তীয় ব্যৱস্থাৰ বাবে সুখবৰ! চৰকাৰে লাভ কৰিব ২,১০,৮৭৪ লাখ কোটি, কিন্তু কেনেকৈ?....

RBI

দেশৰ বিত্তীয় ব্যৱস্থাৰ বাবে আন এক সুখবৰ
ভাৰতীয় ৰিজাৰ্ভ বেংকে চৰকাৰলৈ হস্তান্তৰ কৰিব অতিৰিক্ত আয়
বিত্ত বৰ্ষ ২০২৪-২৫ৰ বাবে চৰকাৰে লাভ কৰিব ২,১০,৮৭৪ লাখ কোটি
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অতিৰিক্ত আয়ৰ পৰা দিয়া হ’ব এই বিশাল ধনৰাশি
২০২২-২৩ বৰ্ষৰ তুলনাত এই পৰিমাণ ১.২৩ লাখ কোটি বৃদ্ধি
RBIৰ আয় আৰু ব্যয়ৰ পৰা সঞ্চিত হয় অতিৰিক্ত মুনাফা

অৰ্থনৈতিক বিশেষজ্ঞসকলে কেন্দ্ৰীয় চৰকাৰৰ বাবে ইয়াক সুখবৰ বুলি মন্তব্য কৰিছে। কেন্দ্ৰীয় চৰকাৰে লাভ কৰিবলগীয়া লিকুইডিটী চাৰপ্লাছৰ দ্বাৰা বিনিয়োগ ব্যয়ত সহায়ক হ’ব। ইয়াৰ ওপৰিও কেন্দ্ৰীয় ঘাটি বাজেট হ্ৰাস কৰাৰ ক্ষেত্ৰত এই বিশাল ধনৰাশিয়ে পৰিপূৰক সহায় কৰিব। দেশৰ কেন্দ্ৰীয় বেংকৰ এই মুনাফাৰ বাবে নতুন আঁচনিত বিনিয়োগ হ’ব। ২০২৫ চনৰ বিত্তীয় বৰ্ষত RBIৰ এই সিদ্ধান্তৰ বাবে বিত্তীয় ঘাটিৰ পৰিমাণত ০.৪ শতাংশ হ্ৰাস কৰিব।
 

Category