এইবাৰ দেওবাৰেও খোলা থাকিব বেংক! এই জাননী ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ........

bank

এইবাৰ দেওবাৰে খোলা থাকিব সকলো বেংক। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই টুইটযোগে জনালে এই কথা। চলিত বৰ্ষৰ মাৰ্চ মাহৰ ৩১ তাৰিখ  অৰ্থাৎ দেওবাৰে ও এইবাৰ খোলা থাকিব দেশৰ বেংকসমূহ। 

ভাৰতীয় ৰিজাৰ্ভ বেংকে জনাইছে যে ২০২৪ চনৰ ৩১ মাৰ্চত চৰকাৰী লেনদেনৰ সৈতে জড়িত সকলো এজেন্সী বেংকৰ বাবে কৰ্মদিন। 

rbi

উল্লেখ্য যে, ভাৰত চৰকাৰে চৰকাৰী ৰচিদ আৰু পেমেণ্টৰ সৈতে জড়িত বেংকসমূহৰ সকলো শাখাই ৩১ মাৰ্চ, ২০২৪ দেওবাৰে লেনদেনৰ বাবে মুকলি কৰি ৰাখিবলৈ অনুৰোধ জনাইছে। যাতে বিত্তীয় বৰ্ষত ৰচিদ আৰু পেমেণ্টৰ সৈতে জড়িত সকলো চৰকাৰী লেনদেনৰ হিচাপ দিব পৰা যায়। 

ইয়াৰ পূৰ্বে আয়কৰ বিভাগে জনোৱা মতে, ২০২৪ চনৰ ২৯ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈকে কৰ সম্পৰ্কীয় বাকী থকা কামৰ বাবে বন্ধ বাতিল কৰিছিল ২৯ মাৰ্চ গুড ফ্ৰাইডে, ৩০ মাৰ্চ শনিবাৰ, আনহাতে ৩১ মাৰ্চ দেওবাৰ।

Category
Profile picture for user UB Photos