Price Hike

নিৰ্বাচনৰ পাছৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক। এইবাৰ মোবাইল ব্যৱহাৰকাৰীৰ বাবে দুঃখবৰ! চলিত লোকসভা নিৰ্বাচনৰ পাছতেই ব্যাপক হাৰত বৃদ্ধি পাব মোবাইল ৰিচাৰ্জৰ নিৰিখ।

১-২ শতাংশ নহয়, একেৰাহে ২৫ শতাংশ পৰ্যন্ত মোবাইল ফোনৰ ৰিচাৰ্জৰ বৃদ্ধিৰ বাবে প্ৰস্তুতি চলাইছে টেলিকম কোম্পানীসমূহে। নিৰ্বাচনৰ পিছতেই এই সিদ্ধান্ত লোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। 

ইতিমধ্যেই মোবাইল ৰিচাৰ্জৰ নিৰিখ বৃদ্ধিৰ বিষয়টোক লৈ ৰাষ্ট্ৰীয় পৰ্যায়টো আলোচনা কৰা বুলি জানিব পৰা গৈছে। লগতে 5G সেৱাৰ ক্ষেত্ৰতো বৃদ্ধি পাব পাৰে এই নিৰিখ।