দিল্লীৰ শ্বাহদৰা জিলাৰ বিবেক বিহাৰৰ জ্ৱালা নগৰত ভয়ংকৰ ঘটনা। অট্টালিকাৰ ছাদ খহি তিনি মহীয়া শিশুসহ এজন লোকৰ মৃত্যু ৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৪ জন লোক৷ দিল্লী আৰক্ষীৰ তথ্য অনুসৰি, মঙলবাৰে পুৱা প্ৰায় ১০:০৯ বজাত বিবেক বিহাৰ থানাত এটা অট্টালিকা ভাঙি বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰাৰ এটা ফোন আহে।ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে । আৰক্ষীৰ উদ্ধাৰ অভিযানত ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা ছয়জন লোকক উদ্ধাৰ কৰে আৰু হেডগেৱাৰ হাস্পতাললৈ প্ৰেৰণ কৰে আৰক্ষীৰ তথ্য অনুসৰি আহতলোকসকলৰ ভিতৰত তিনি বছৰীয়া খুছবু আৰু ৩০ বছৰীয়া পিণ্টুক চিকিৎসকে মৃত ঘোষণা কৰে । ইফালে ঘটনাত গুৰুতৰভাৱে আহত হয় লাড্ডু ওৰফে দেৱংশ (২৭), বিকেশ (৩৫), আকাশ (২৫) আৰু দিলীপ ওৰফে ডিম্পা (২২) । আৰক্ষীৰ মতে, অট্টালিকাটো সুৰেন্দ্ৰ সিঙৰ আৰু ছয়জন ভুক্তভোগী তেওঁৰ ভাৰাতীয়া আছিল ।
- Log in to post comments