UB News

আজি গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হয় এক বিশাল নিযুক্তি পত্ৰ প্ৰদান সমাৰোহ। খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিভিন্ন বিভাগত নিৰ্বাচিত মুঠ ৩৪২০ গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে।

আজিৰ এই সমাৰোহত কাৰিকৰী আৰু অ-কাৰিকৰী, দুয়োটা শ্ৰেণীৰ পদতে নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। ইয়াৰে ভিতৰত ১৪০৩ গৰাকী প্ৰাৰ্থীয়ে কাৰিকৰী পদত নিযুক্তি লাভ কৰিব। আনহাতে, অ-কাৰিকৰী পদত ৫৯৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়