ছয় ভাতৃয়ে বিয়া কৰালে ছয় ভগ্নীক....সবিশেষ জানো আহক....

pakistan wedding

সৰলতা আৰু ঐক্য প্ৰদৰ্শনৰ উদ্দেশ্যেৰে পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত ছয় ভাতৃয়ে একেটা অনুষ্ঠানতে ছয়গৰাকী ভগ্নীক বিয়া কৰাইছিল। এই বিশেষ বিবাহ অনুষ্ঠানত ১০০ৰো অধিক অতিথিয়ে অংশগ্ৰহণ কৰে। অতিৰিক্ততা আৰু আড়ম্বৰপূৰ্ণ পৰম্পৰাক দূৰ কৰি বিয়াখন সৰু পৰিসৰত কৰা হৈছিল।

উল্লেখ্য যে, ভাতৃদ্বয়ে বিয়াৰ পৰিকল্পনাত এবছৰতকৈও অধিক ৰব লগা হ'ল কিয়নো।সৰু ভায়েক ডাঙৰ হোৱালৈ অপেক্ষা কৰিব লগা হৈছিল যাতে ছয়টা দম্পতীয়ে একেদিনাই একেটা অনুষ্ঠানতে বিবাহ কাৰ্য সপন্ন কৰিব পাৰে।

ইছলামে বিবাহত বিনয় আৰু সৰলতাক উৎসাহিত কৰে বুলি আলোকপাত কৰি দৰাসকলে আনৰ বাবে আদৰ্শ দাঙি ধৰিব বিচাৰিছিল। ডাঙৰ ভাইটিয়ে কয়, “আমি লক্ষ্য কৰিলোঁ যে মানুহে প্ৰায়ে নিজৰ মাটি বিক্ৰী কৰে বা বিয়াৰ খৰচ বহন কৰিবলৈ ঋণ লয়।  “আমি দেখুৱাব বিচাৰিছিলো যে পৰিয়ালৰ ওপৰত আৰ্থিক বোজা জাপি নিদিয়াকৈ বিবাহ আনন্দময় আৰু অৰ্থপূৰ্ণ হ’ব পাৰে।”

লগতে, সমাজৰ নীতি-নিয়মক প্ৰত্যাহ্বান জনাই দৰাসকলে কইনা পৰিয়ালৰ পৰা কোনো ধৰণৰ যৌতুক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল।

সৰলতাৰ শিপাই থকা এই বিয়াখনে বস্তুবাদতকৈ অৰ্থপূৰ্ণ সংযোগ আৰু মূল্যবোধক অগ্ৰাধিকাৰ দিয়াত অধিক গুৰুত্ব আৰোপ কৰিছিল।এই বিয়াখনে কেৱল ছয়টা দম্পতীৰ মিলন উদযাপন কৰাই নহয়, সমাজৰ প্ৰত্যাশাৰ ওজনত সংগ্ৰাম কৰি থকাসকলৰ বাবেও আশাৰ কাম কৰে।

Category