এক কৰুণ দৃশ্য! দেউতাকক হেৰুৱাই শোঁকত ভাগি পৰিছে এগৰাকী কণমানি। উমৰাংছ’ৰ কালামাটিৰ কয়লা খনিত আৱদ্ধ হৈ ইতিমধ্যেই মৃত্যু হৈছে দেউতাকৰ।
উল্লেখ্য যে, দলগাঁৱৰ ৩টাকৈ পৰিয়ালৰ মাজত এতিয়া কান্দোনৰ ৰোল, চাৰিওফালে হাহাকাৰ পৰিস্থিতি। উমৰাংচুৰ কয়লাখনিত আবদ্ধ দলগাঁৱৰ ৩ শ্ৰমিক। আৱদ্ধ শ্ৰমিক কেইজন ক্ৰহমে মুস্তাফা শ্বেইখ, হুছেইন আলী, জাকিৰ হুছেইন। ৩ শ্ৰমিকৰ বাসগৃহত বিৰাজ কৰিছে শোকাকুল পৰিৱেশে, ৩ শ্ৰমিকৰ সন্ধান বিচাৰি কান্দোনত ভাঙি পৰিছে আত্মীয়, ৩ শ্ৰমিকক অতিশীঘ্ৰে উদ্ধাৰ কৰিবলৈ অনুৰোধ পৰিয়ালৰ।
ঘটনাৰ বিবৰণ অনুসৰি, সোমবাৰে অসম-মেঘালয় সীমান্তৰ উমৰাংছ’ৰ কালামাটিৰ কয়লা খনিত কৰ্মৰত অৱস্থাতে হঠাৎ আবদ্ধ হৈ পৰিছিল ২০জনকৈ শ্ৰমিক। উমৰাংছ’ৰ পৰা ২৫ কিঃমিঃ নিলগত এই খনিটো, কয়লা খনিত হঠাৎ পানীৰে ভৰি পৰাত আৱদ্ধ শ্ৰমিককেইজন।
উল্লেখ্য যে, সোমবাৰৰ পুৱাৰে পৰা আবদ্ধ হৈ আছে শ্ৰমিককেইজন। উমৰাংছ’ৰ আৰক্ষী থানাৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত্বত থকা কয়লাখনিটোত হঠাৎ পানীৰে ভৰি পৰিছিল। নিশাৰে পৰা পানী সিঁচা কাম আৰম্ভ কৰিছে ভাৰতীয় সেনা আৰু NDRFৰ দলে।
অসমৰ অন্যতম উদ্যোগ নগৰী হিচাবে পৰিচিত উমৰাংচুৰ অসম মেঘালয় সীমান্তস্থিত উমৰাংচ’ অসম কয়লা কোয়াৰীত ভয়ংকৰ দুৰ্ঘটনা। ৩০০ ফুট গভীৰ কয়লা কোয়াৰীত আবদ্ধ প্ৰায় ২০ গৰাকীকৈ শ্ৰমিক। কয়লা কোৱাৰীৰ ভিতৰত পানী সোমাই যোৱাৰ ফলতে এই দুৰ্ঘটনা। কোৱেৰীত কাম কৰি থকা অৱস্থাত হঠাৎ কোৱেৰীলৈ দ্ৰুতগতিত পানী সোমাই যোৱাৰ ফলতেই আৱদ্ধ হৈ পৰে শ্ৰমিককেইজন। বৰ্তমানেও উদ্ধাৰ অব্যাহত ৰাখিছে NDRF আৰু ভাৰতীয় সেনাই।
আনহাতে, উমৰাংছ’ৰ কয়লা খনিত আবদ্ধ ২০ শ্ৰমিকৰ ৯জনৰ পৰিচয় পোহৰলৈ আহিছে। আবদ্ধ শ্ৰমিকসকলৰ নাম প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে। আবদ্ধ শ্ৰমিক নেপালৰ গংগা বাহাদুৰ শেঠ, আবদ্ধ দৰঙৰ হুছেইন আলী, জাকিৰ হুছেইন, মুস্তাফা শ্বেখ, আৱদ্ধ কোকৰাঝাৰৰ সৰ্পা বৰ্মন, খুচীমোহন ৰায়, আৱদ্ধ ডিমা হাচাওৰ লিজন মগড়, শোণিতপুৰৰ শৰত গয়াৰী, আবদ্ধ পশ্চিমবংগৰ সঞ্জীত সৰকাৰ নামৰ এজন শ্ৰমিক।
লগতে, উমৰাংচুৰ ঘটনাক কৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী ড০ শৰ্মা। তৎপৰতাৰে উদ্ধাৰ অভিযানৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ, ঘটনাস্থলীত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, নিশাই ঘটনাস্থলীত উপস্থিত মন্ত্ৰী কৌশিক ৰায়, মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে উপস্থিত মন্ত্ৰীগৰাকী।
- Log in to post comments