UB News


আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 

নিশা ৮.৪০ বজাত মোহনবাৰী বিমানবন্দৰত উপস্থিত হ’ব মোদী।

মোহনবাৰী বিমান বন্দৰৰ পৰা মনোহাৰী ৰিজ’ৰ্টলৈ যাব প্ৰধানমন্ত্ৰীগৰাকী। 

নিশাটো মনোহাৰী ৰিজ’ৰ্টতে কটাব প্ৰধানমন্ত্ৰী মোদীয়ে।

পুৱা ১০.১৫ বজাত হেলিকাপ্টাৰযোগে গোগামুখলৈ  ৰাওনা হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 

গোগামুখত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে।

ধেমাজি আৰু লখিমপুৰ জিলাৰ প্ৰাৰ্থীৰ ৰণোজ পেগু আৰু নৱ কুমাৰ দলেৰ হৈ প্ৰচাৰ চলাব মোদীয়ে।