ৰাজ্য চৰকাৰৰ বৃহৎ পদক্ষেপ। ২০০৬ চনৰ আগত স্থাপন হোৱা স্কুল-কলেজসমূহ প্ৰাদেশীকৰণৰ ব্যৱস্থা। লগতে ৰাজ্য চৰকাৰে বাজেটত ২০০৬ৰ পাছত স্থাপন হোৱা বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে লৈছে বিশেষ ব্যৱস্থা। ইয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে এটা প’ৰ্টেল ।
Assam Education (Provincialisation of Services of Teachers and Re-Organisation of Educational Institutions) Act, 2017ৰ বাবে মুকলি কৰা এই প’ৰ্টেলত অপ্ৰাদেশিকীকৃত শিক্ষা প্ৰতিষ্ঠানসমূহে আবেদন কৰিব পাৰিব। আবেদনৰ ভিত্তিত ৰাজ্য চৰকাৰে কোনসমূহ বিদ্যালয়-মহাবিদ্যালয়ক প্ৰাদেশিকীকৰণ কৰিব পাৰি,কোনসমূহক নোৱাৰি তাৰ বিশ্লেষণ কৰি ব্যৱস্থা গ্ৰহণ কৰিব।উল্লেখ্য যে,এই প’ৰ্টেল মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু।
প’ৰ্টেল মুকলি অনুষ্ঠানত।মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- বিগত বৰ্ষত বিধানসভাত ৰাজ্য চৰকাৰে Assam Education (Provincialisation of Services of Teachers and Re-Organisation of Educational Institutions) Act, 2017 বিধেয়কখন গৃহীত কৰিছিল। অসমৰ ৰাজ্যপালৰ অনুমোদনৰ পাছত ২০২৫ বৰ্ষৰ ৩০ ডিচেম্বৰত চৰকাৰী গেজেটত নটিফাই কৰিছিল। প্ৰাদেশিকীকৰণৰ প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত এয়া আমাৰ তৃতীয় পদক্ষেপ।
- Log in to post comments